ৰঙিয়াত শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ড: ভবেন্দ্ৰ নাথ ডেকাৰ নৱতম ৰচিত দুখনকৈ গ্ৰন্থ আজি উন্মোচন কৰা হয়

 ।ৰঙিয়া মহাবিদ্যালয় সভাকক্ষত তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শংকৰী ধৰ্ম তত্ব দৰ্শনৰ বোভৱ আৰু শংকৰী আদৰ্শ দৃষ্টি আৰু অন্বেষণ শীৰ্ষক গ্ৰন্থ দুখন পাঠকৰ বাবে মুকলি কৰি দিয়া হয় ।প্ৰজ্ঞান প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ দুখনৰ উন্মোচক ৰূপে উপস্থিত থাকে শ্ৰী মন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা ।আনহাতে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট শিক্ষাবিদ ড: দয়ানন্দ পাঠক ,শ্ৰী মন্ত শংকৰদেৱ সংঘৰ উপ পদাধিকাৰ বসুন্ধৰ ডেকা ,মনিকাঞ্চন বাৰ্তা আলোচনিৰ সম্পাদক মুনীন্দ্ৰ মহন্ত ,বিশিষ্ট শিক্ষা বিদ পাৰ্থ ফুকন মহন্তৰ লগতে ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ বিধায়কদ্বয় ভবেশ কলিতা ,দিগন্ত কলিতাইও অংশগ্ৰহণ কৰে ।