ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰহা ৰ ডিমৌ চাৰিআলিত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ উদ্যোগত আৰু নগাঁও, মৰিগাঁও জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোবা ৫১৪সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস ৰ শুভাৰম্ভ পূবা কোচ ৰাজবংশী ছাত্ৰ সন্থা পতাকা,চিলাৰায় সেনা পতাকা, আক্ৰাছু মহিলা সমিতি পতাকা উওোলন আৰু ছহিদ তৰ্পন আৰু বীৰ চিলাৰায় ৰ প্ৰতিমূৰ্তি ত মল্যাৰ্পন কৰি এদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে শুভাৰম্ভ কৰাৰ লগতে বীৰ চিলাৰায় দিৱস উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি শিব নাৰায়ন বৰা দ্বাৰা উদ্বোধন কৰা বাৰেৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰাত কোচ ৰাজবংশী সহ জাতি জনগোষ্ঠী কলা সংস্কৃতি আৰু নাম কীৰ্ত্তনেৰে সমস্ত ক্ষেত্ৰ মুখৰিত হৈ পৰে।

     বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি দিৱস উদযাপন স্থলিত সমাপন হোবা শুভাযাত্ৰাৰ পাছত দুপৰীয়া ২বজাৰ পৰা উদযাপন সমিতিৰ সভাপতি ললিত চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোবা মুকলি সভাৰ উদ্বোধন ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস কৰাৰ লগতে নগাওঁ, মৰিগাঁও ৰ পৰা শিল্পী দলে গোবালপৰীয়া গীতত নৃত্য আৰু মহিলা সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।

     সভাত বীৰ চিলাৰায় দিৱস উপলক্ষে সুভাষ ডেকা ৰ সম্পাদনাত প্ৰকাশিত স্মাৰক গ্ৰন্থ বিশ্ব মহাবীৰ চিলাৰায় উন্মোচন কৰে বিশিষ্ট লেখিকা বকুল ৰয়ে।

     সভাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি,নগাঁও, মৰিগাঁও জিলা আক্ৰাছু সমিতিৰ প্ৰতিনিধি,জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি সহ গনমান্য ব্যক্তি আৰু শতাধিক পুৰুষ মহিলা, যুৱক যুবতী উপস্থিত থাকে।

    সন্ধ্যা বন্তি প্ৰজ্বলন কৰা হয়।