বিধায়ক প্ৰশান্ত ফুকনে যিটো দলক নেতৃত্ব দিছে সেই দলটোৱে আমাৰ দেশৰ সংবিধান মানিব নিবিচাৰে। বিজেপিয়ে কংগ্ৰেছমুক্তৰ নামত সমগ্ৰ ভাৰতবৰ্ষকে বিৰোধীমুক্ত কৰাৰ নীতি লৈছে।' আজি ডিব্ৰুগড়ত কংগ্ৰেছৰ এক বিশাল সমদলত অংশগ্ৰহণ কৰি এইদৰে বিজেপি আৰু বিধায়ক প্ৰশান্ত ফুকনক সমালোচনা কৰিলে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই। কংগ্ৰেছৰ ৯ জনকৈ বিধায়কে বিজেপিত যোগদান কৰিব বুলি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কৰা মন্তব্যক উভতি ধৰিলে বিৰোধী দলপতিজনে।

স্বাধীনতা দিৱসৰ গৌৰৱোজ্জ্বল ৭৫ বছৰীয়া উপলক্ষে ডিব্ৰুগড় নগৰ আৰু বৰবৰুৱা ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সহযোগত বাহিৰ কৰা 'স্বাধীনতাৰ গৌৰৱময় যাত্রা' শীর্ষক যাত্ৰাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয় যে, আমাৰ দেশৰ সংবিধানে বিৰোধী দলক গুৰুত্ব দিয়া হৈছে। কিন্তু বিজেপিয়ে বিৰোধীক ধুলিসাৎ কৰিব বিচাৰিছে। আনহাতে ব্ৰিটিছে যিধৰণে ভাৰতবৰ্ষৰ নাগৰিকৰ ওপৰত বিভিন্ন ধৰণে শোষণ অত্যাচাৰ চলোৱা হৈছিল। সেই একেই শাসন বিজেপিয়ে চলোৱাৰ প্ৰচেষ্টা চলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

উল্লেখযোগ্য যে প্ৰদেশ কংগ্ৰেছে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে সমগ্ৰ ৰাজ্যত ৯ আগষ্টৰ পৰা ১৪ আগষ্টলৈ 'স্বাধীনতাৰ গৌৰৱময় যাত্রা' শীর্ষক কাৰ্যসূচী ৰূপায়ন কৰিছে। এই কাৰ্যসূচীৰ অংশস্বৰূপে ডিব্ৰুগড়ত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ নেতৃত্বত সমদল বাহিৰ কৰে। চহৰখনৰ উপকন্ঠ দুৱৰাচুকৰ পৰা চিৰিং চাপৰি, পি এন ৰোড হৈ শান্তিপাৰা, আৰ কে বি পথৰ গৈ থানা চাৰিআলিৰ পৰা মানকটা পথেৰে আহি ৰাজীৱ ভৱনত সমাপন কৰে।

প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে ত্ৰিৰংগা লৈ 'স্বাধীনতাৰ গৌৰৱময় যাত্রা'ত অংশগ্ৰহণ কৰে। আনহাতে এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈ, জিলা কংগ্ৰেছৰ সভাপতি দেবব্ৰত গগৈ, সাধাৰণ সম্পাদক ৰাজকুমাৰ নীলনেত্ৰ নেওগ আদিকে ধৰি ভালেকেইগৰাকী কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।