বিশ্বনাথ চাৰিআলিৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজিৱ ভৱনতৰ পৰা অাজি বৃহস্পতিবাৰে ৭৫ বছৰীয়া "স্বাধীনতাৰ গৌৰৱময় ইতিহাস সুঁৱৰি এই শুভ ক্ষণত দেশৰ পিতা মহামানৱ মহাত্মা গান্ধীকে আদি কৰি স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া তথা প্ৰতিগৰাকী স্বাধীনতা সেনানীক শ্ৰদ্ধাৰে সুৱঁৰি অাজি স্বাধীনতাৰ গৌৰৱ যাত্ৰা কাৰ্যসূচী অসম প্ৰদেশ কংগ্ৰেছৰ কমিটি বিশ্বনাথ জিলা সভাপতি দিলীপ বৰুৱাৰ নেত্ৰীত্বত দুই সতাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত সুন্দৰ ভাবে ৰাজিৱ ভৱনৰ পৰা বিশ্বনাথ নগৰ হৈ ৭ কিলোমিটাৰ কংগ্ৰেছ কৰ্মীয়ে হতে হাতে ৰাষ্ট্ৰীয় পতকা লৈ শ্বহীদ সকলৰ প্ৰতি সন্মান প্ৰদৰ্শণ কৰি সমদল কৰে ।

উক্ত কাৰ্যসূচীত কংগ্ৰেছ বিশ্বনাথ জিলা সভাপতি দিলীপ বৰুৱাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা মুখপত্ৰ সঞ্জু বৰুৱা বিশ্বনাথ জিলা সাধাৰণ সম্পাদক প্ৰসান্ত হাজৰীকা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কমলা বৰা, লগতে যুথ কংগ্ৰেছ, এন এচ ইউ আই , সেৱা দল, ব্লক কংগ্ৰেছ, বিভিন্ন পন্চায়তৰ প্ৰতিনিধি সকল আদি উপস্থিত থাকে ।