শিৱসাগৰঃ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু স্বাস্থ্য কোষৰ সভাকক্ষত ১৯ ফেব্ৰুৱাৰীত জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গিতালী দুৱৰাৰ সভাপতিত্বত শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ জিলা ভিত্তিক পৰ্য্যালোচনা সভা এখনি অনুষ্ঠিত হৈ যায় । পুৱা ১১ বজাৰ পৰা সন্ধ্যা ৭-৪০ বজালৈ অনুষ্ঠিত হোৱা পৰ্য্যালোচনা সভাৰ আৰম্ভণিতে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ভূপেন্দ্ৰ কুমাৰ দাসে সভাৰ আঁত ধৰি সভাত উপস্থিত থকা সকলোকে সম্ভাষণ জনোৱাৰ লগতে সভাৰ মুল উদ্দ্যেশ্য ব্যাখ্যা কৰে । সভাৰ আৰম্ভণিতে প্ৰসূতি আৰু শিশু মৃত্যুৰ পৰ্য্যালোচনা কৰা হয় । প্ৰসূতি আৰু শিশু মৃত্যুৰ বিভিন্ন দিশৰ ওপৰত বিতংভাৱে আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত স্বাস্থ্য খণ্ডসমূহে নিজ নিজ প্ৰসূতি আৰু শিশু মৃত্যুৰ বিষয়ে পি.পি.টি. আকাৰে উপস্থাপন কৰে ৷ এই পৰ্য্যালোচনা সভাত মৃতকৰ ঘৰৰ অভিভাৱকসকলো উপস্থিত থাকে । অতিৰিক্ত আয়ুক্তগৰাকীয়ে মৃত্যু হোৱা প্ৰসূতি নৱজাতকৰ অভিভাৱকসকলৰ লগত অতি গুৰুত্বসহকাৰে প্ৰাক প্ৰসৱকালীন স্বাস্থ্য পৰীক্ষা আৰু মৃত্যু সম্পৰ্কে বিশদভাৱে আলোচনা কৰে । লগতে এই পৰ্য্যালোচনা সভাত জিলাখনত কিদৰে কম ওজনৰ নৱজাতক(Low Birth Weight)ৰ জন্মৰ হাৰ কমাব পাৰি সেই সন্দৰ্ভতো বিতংকৈ আলোচনা কৰা হয় । স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্তই গুণগত মানদণ্ডৰ প্ৰাক প্ৰসৱকালীন স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ এ.এন.এম. সকলক আহ্বান জনায় । লগতে সুষম আহাৰ গ্ৰহণৰ ক্ষেত্ৰত সহায়ৰ বাবে সমাজ কল্যাণ বিভাগক প্রাক প্ৰসৱকালীন স্বাস্থ্য পৰীক্ষাৰ লগে লগেই গৰ্ভৱতী মহিলাসকলৰ তালিকাখন জমা দিবলৈ আহ্বান জনায় ৷ উক্ত সভাৰ সিদ্ধান্ত অনুসৰি অতিৰিক্ত আয়ুক্তই নৱজাতকৰ যত্ন সম্পৰ্কে গেলেকী চাহ বাগিছাসমূহত সজাগতা সৃষ্টি কৰিবলৈ ভাৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য বিষয়া ডাঃ সৌভিক ভট্টাচাৰ্য্যক আহ্বান জনায় । এই সভাৰ সিদ্ধান্ত অনুসৰি জিলাখনৰ এম্বুলেন্স সেৱাৰ স্থিতি (status) সম্পৰ্কে এখন সভা জিলা পৰিবহণ বিষয়া আৰু মহকুমা স্বাস্থ্য বিষয়া তথা চিকিৎসকসকলৰ লগত অনতিপলমে অনুষ্ঠিত কৰিব বুলি অতিৰিক্ত আয়ুক্তই জনায় ৷ Sickle Cell Anemiaৰ পৰীক্ষাৰ পৰ্য্যালোচনা কৰি শিৱসাগৰ আৰবান ত Sickle Cell Anemiaৰ পৰীক্ষা আৰম্ভ কৰিবলৈ আৰু বাকী ব্লকসমূহত টাৰ্গেটসমূহ পুৰণ কৰিবলৈ আহ্বান জনায় । Assam Pediatrics Association ৰ লগত Birth dose ৰ সম্পৰ্কে আলোচনা কৰি এক সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷ আনহাতে BCM সকলক মানসিক স্বাস্থ্যৰ এক প্ৰশিক্ষণ (ট্ৰেইনিং) দিবৰ বাবে জিলা মানসিক স্বাস্থ্যৰ আঁচনি বিষয়া ডাঃ ৰাজীৱ পাংগিংক আহ্বান জনায়। সভাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক, প্ৰসূতি মৃত্যুৰ আৰু নৱজাতক মৃত্যুৰ ন'ডেল বিষয়া, মুখ্য স্বাস্থ্য ও চিকিৎসা বিষয়া, অতিৰিক্ত মুখ্য স্বাস্থ্য ও চিকিৎসা বিষয়া, জিলা প্ৰতিষেধক বিষয়া, জিলাখনৰ জ্যেষ্ঠ চিকিৎসক তথা চিকিৎসা বিষয়াসকল, ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ-অধীক্ষক, ডিমৌ সামূহিক চিকিৎসালয়ৰ অধীক্ষক, প্ৰসূতি তথা নৱজাতক মৃত্যু হোৱা আটাইকেইটা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক, স্বাস্থ্য বিষয়া, সামূহিক স্বাস্থ্য বিষয়া, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন, এ.এন.এম. আৰু আশাকৰ্মী, আটাইকেইটা ব্লকৰ মহকুমা স্বাস্থ্য বিষয়াসকলৰ লগতে ডি.পি.এম.ইউ. আৰু বি.পি.এম.ইউ .ৰ সদস্যসকল উপস্থিত থাকে ৷৷