আজিৰে পৰা উত্তৰ–পূব ছাত্ৰ সন্থাকে ধৰি আছুৱে সমগ্ৰ উত্তৰ–পূৰ্বতে নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব।

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত পুনৰ আৰম্ভ হ’ব এই কা আন্দোলন। সংবাদ মাধ্যমৰ আগত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ স্থায়ী সমাধান জনসাধাৰণক দিব লাগিব।

আছুৰ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে কয় যে যদিহে ইয়াৰ সমাধান পোৱা নাযায় তেন্তে অসমেও হয়তো ত্ৰিপুৰাৰ দৰেই দুৰ্ভাগ্য়ৰ সন্মুখীন হ’ব পাৰে, য’ত প্ৰাথমিক বা ৰাজ্যিক ভাষা গৌণ হৈ পৰিব। তেওঁ কয় যে অসমৰ ৰাইজে কা মনা নাই, অসম আৰু উত্তৰ–পূৰ্বাঞ্চলে অবৈধ বিদেশী বোজা নলয় বুলিও প্ৰকাশ কৰে।

আনহাতে, এক সংবাদমেলত ড০ হীৰেণ গোহাঁইয়ে ব্যক্ত কৰে যে ২০২০ৰ কা আন্দোলনত শ্বহীদ হোৱা ৫ শ্বহীদৰ প্ৰসংগত তদন্ত এতিয়ালৈ হোৱা নাই।