সত্ৰীয়া নৃত্য শব্দটো সত্ৰৰ পৰাই আহিছে । বিশেষ ভাৱে সংগীত-নাটক একাডেমিয়ে ভাৰতীয় শাস্ত্রীয় নৃত্যৰূপে স্বীকৃতি দিয়া ভাৰতৰ ৮ বিধ নৃত্যশৈলীৰ ভিতৰত সত্ৰীয়া নৃত্য হৈছে অন্যতম এবিধ । ২০০০ চনৰ ১৫ নৱেম্বৰত সংগীত-নাটক একাডেমিয়ে সত্ৰীয়া নৃত্যক ভাৰতৰ এক অন্যতম শাস্ত্রীয় নৃত্যৰূপে স্বীকৃতি প্ৰদান কৰিছিল । ঊনবিংশ শতিকাৰ পৰা বৈষ্ণব সত্ৰ সমুহৰ পৰা এই সত্ৰীয়া নৃত্যক আধুনিক মঞ্চলৈ অনা হয় । আগতে এই নৃত্য সত্ৰ সমুহত পৰম্পৰাগতভাৱে ভকত সমুহৰ মাজত হে আবদ্ধ আছিল কিন্তু মঞ্চলৈ অহা পাছলৈ পুৰুষ , মহিলা সকলোৱে এই নৃত্য পৰিবেশন কৰিবলৈ ধৰে । আগতে অসমৰ সত্ৰ সমুহতহে প্ৰধানকৈ এই নৃত্যৰ চৰ্চা বা অনুশীলন হৈছিল । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিস্থা কৰা সত্ৰ সমুহৰ পৰাই প্ৰধানকৈ এই নৃত্য জনাজাত হৈছে । তাৰ উদাহৰণ মাজুলী ।