শিৱসাগৰঃ শিৱসাগৰ জ্যোতি সংঘৰ সৌজন্যত ৪৬ সংখ্যক সাৰ্ব্বজনীন শ্ৰীশ্ৰী সৰস্বতী পূজা উদ্‌যাপন ৷ সৰস্বতী পূজা উপলক্ষে আয়োজন কৰা হয় বাৰ্ষিক ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতা ৷ যোৱা ৪ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হয় দৌৰ, বল দলিওৱা, টেকেলি ভঙা, চকীখেল, কুকুৰা যুঁজ, খৰখোজ, উঠা-বহা, সাধাৰণ জ্ঞানৰ লগতে চিত্ৰাংকণ, কুইজ, ভেশচন, কবিতা আবৃত্তি, আকস্মিক বক্তৃতা প্ৰতিযোগিতা ৷ শিৱসাগৰ আমোলাপট্টিৰ এল কে বি ৰোডত দিনজোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা শিৱসাগৰ জ্যোতি সংঘৰ সৰস্বতী পূজাস্থলীত বয়োজ্যেষ্ঠ সমাজকৰ্মী হেমচন্দ্ৰ বৰদলৈ আৰু শিল্পী গুণলতা নাথক সম্বৰ্দ্ধনা জনোৱাৰ লগতে সংঘৰ সক্ৰিয় সদস্য জোনাক নাথকো বিশেষ সম্ভাষণ জনোৱা হয় ৷