শিৱসাগৰঃ শিৱসাগৰ নগৰৰ আমোলাপট্টিৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা বিশিষ্ট নাট্য সংগঠক, সমাজকর্মী, অভিনেতা, মঞ্চ সজ্জাকাৰ, শিৱসাগৰ নাট্য সমাজৰ প্ৰতিষ্ঠাপক প্রাক্তন প্ৰধান সম্পাদক , মিলিত শিল্পী সমাজৰ প্রাক্তন সভাপতি, শিৱসাগৰ নাগৰিক সন্থাৰ প্ৰাক্তন সভাপতি মুন বৰুৱাৰ প্ৰায় ৮৭ বছৰ বয়সত আজি বিয়লি ৩.১৫ বজাত চুকাফা চিকিৎসালয়ত দেহাৱসান ঘটে ৷ মুন বৰুৱাৰ মৃত্যুত শিৱসাগৰত শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত তেখেতে দুগৰাকী জী, দুজন জোঁৱাই, নাতি-নাতিনীসহ বহু গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ৷ উল্লেখযোগ্য যে, মুন বৰুৱা শিৱসাগৰ অৰুণোদয় পথস্থিত পিক’লো হোটেলৰ স্বত্বাধিকাৰী আছিল ৷ অহা ১৮ ফেব্ৰুৱাৰী, দেওবাৰে শিৱসাগৰৰ বিভিন্ন গুণমুগ্ধৰ উপস্থিতিত থানামুখৰ শান্তিবন শ্মশানত তেখেতৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি জিতেন কাকতি, অসম নাট্য সন্মিলন, শিৱসাগৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ বৰা, অসম নাট্য সন্মিলন-শিৱসাগৰ শাখাৰ সভাপতি অনঙ্গ মোহন শৰ্মা, হিন্দু ধৰ্ম্মসভা নামঘৰ পৰিচালনা সমিতি, সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈ, সাধাৰণ জাতি সুৰক্ষা সন্মিলন শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰীতম জ্যোতি বৰুৱা, বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰ আৰু সম্পাদক কুমাৰ অভিজিৎ দুৱৰা, যুৱ সাংবাদিক সন্থা-অসমৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি অমৰজ্যোতি দত্ত আৰু সাধাৰণ সম্পাদক অমৃত কুমাৰ শৰ্মা, তলাতল হোটেলৰ স্বত্বাধিকাৰী তথা মুক্তিনাথ মিলিত ব্যৱসায় সন্থাৰ সম্পাদক পংকজ বৰা, ৱাৰ্ড আয়ুক্ত ক্ৰমে সমীৰ দত্ত আৰু নৱাল কিশোৰ খান্দেলিয়া, বিজেপি শিৱসাগৰ নগৰ মণ্ডল, অসম গণ পৰিষদ, শিৱসাগৰ জিলা সমিতি আৰু নগৰ সমিতিসহ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে  ৷