ৰহাৰ চাপৰমুখ গছপাৰা স্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মা বসুন্ধৰী থানত আগন্তুক ১৯ফেব্ৰুবাৰীৰৰ পৰা তিনি দিনীয়া কাৰ্য্যসূচীৰে ৬৯সংখ্যক ভৈমী একাদশী মেলা মহোৎসৱ শুভাৰম্ভ হব।
মা বসুন্ধৰী থান ভৈমী একাদশী মেলা মহোৎসৱ উদযাপন সমিতিৰ দ্বাৰা ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
মেলাৰ প্ৰথম দিনা পূবা আইতী সকলৰ দ্বাৰা পানী তুলা আৰু স্নান ৰ পাছত ধৰ্মধ্বজ্জা উওোলনেৰে তিনি দিনীয়া মেলা মহোৎসৱ ৰ শুভাৰম্ভ কৰা হব।
থান স্থিত হৰ গৌৰী মন্দিৰ,গনেশ মন্দিৰ,শিব মন্দিৰ,দুৰ্গা মন্দিৰ পুৰোহিত ৰ বৈদিক মন্ত্ৰচাৰনেৰে যথা বিহিত পূজা অৰ্চনা আৰম্ভ কৰাৰ পাছত মেলা দ্বাৰ উন্মোচন কৰা হব।
দ্বিতীয় দিনা ২০ফেব্ৰুবাৰীত পূবা যথা বিহিত পূজা অৰ্চনা শুভাৰম্ভ আৰু মুকলি সভা অনুষ্ঠিত হব।
৩ য় দিনা পূজা অৰ্চনা ৰ পাছত আই মাতৃ সকলৰ দ্বাৰা নাম প্ৰসংগ ৰ পাছত প্ৰসাদ বিতৰন আৰু সন্ধ্যা শলাগৰ শৰাইৰ পাছত তিনি দিনীয়া মেলা মহোৎসৱ ৰ সমাপন কৰা হব।
মা বসুন্ধৰী থান পৰিচালনা সমিতি আৰু মেলা মহোৎসৱ উদযাপন সমিতিয়ে সমূহ ভক্ত প্ৰান ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগীতা কামনা কৰাৰ লগতে মন্দিৰ দৰ্শন কৰি পুন্য ফলৰ ভাগি হবলৈ অনুৰোধ জনাই।