ৰহাৰ ডিমৌ চাৰিআলিত অহা ২৪ফেব্ৰুবাৰীত এদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে মহাবীৰ বীৰ চিলাৰায় দিৱস উদযাপন ৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে আজি লাইখুঁটা স্থাপন কৰা হয়।

    সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ উদ্যোগত আৰু নগাঁও, মৰিগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ সহযোগত এদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে ডিমৌ চাৰিআলি স্থিত খেল পথাৰত বীৰ চিলাৰায় দিৱস উদযাপন ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে আজি পূবা মাংগলিক কাৰ্য্যসূচীৰে চিলাৰায় দিৱস উদযাপন সমিতিৰ সভাপতি ললিত ডেকাই লাইখুঁটা স্থাপন কৰে।

     উদযাপন সমিতিয়ে জানিব দিয়া মতে ২৪ফেব্ৰুবাৰীত পূবা পতাকা উওোলন,,বন্তি প্ৰজ্বলনেৰে দিৱস ৰ শুভাৰম্ভ কৰাৰ পাছত এক বৰ্নিল সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হব।দুপৰিয়া অনুষ্ঠিত হব লগা মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি সহ আছু,অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ ভাতৃ সংগঠন সহ বহু কেইটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ প্ৰতিনিধি উপস্থিত থকাৰ লগতে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হব।লগতে সন্ধ্যা দিৱস উপলক্ষে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।লাইখুঁটা স্থাপন উপলক্ষে সদৌ কোচ ৰাজবংশী, নগাঁও, মৰিগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা বিষয় ববীয়া উপস্থিত থাকে।