সোণাৰীৰ নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সভাত ডেৰকুৰিৰো অধিক যুৱকে টাইপাত যোগদান কৰে। টাইপাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি নীলোৎপল গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, উপদেষ্টা লোহিত গগৈ, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক পূৰ্ণানন্দ হাতীমুৰীয়াকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় বিষয় ববীয়া উপস্থিত আছিল। আজি যোগদান কৰা সকলে বিগত বৰ্ষত ৰাণা ৰঞ্জন গগৈক সভাপতি আৰু উদীপ্ত গগৈক সাধাৰণ সম্পাদক হিচাবে লৈ গঠন কৰা টইপাৰ আন এটা ফৈদৰ সদস্য আছিল। ৰাণা ৰঞ্জন গগৈ ফৈদৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক পাৰ্থপ্ৰতীম বৰুৱাৰ লগতে উক্ত ফৈদৰে চৰাইদেউ জিলাৰ সমিটিৰ কাৰ্যকৰী সভাপতি দীপাঙ্কৰ দুৱৰা যুটীয়া সম্পাদক ডিম্বেশ্বৰ গগৈ কে ধৰি বহু সংখ্যক যুৱকে যোগদান কৰে।
সোণাৰীত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ উপস্থিতিত টাইপাত যোগদান কৰিলে ডেৰকুৰিৰো অধিক যুৱকে।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2024/02/nerity_6b4d87a5a352bc6eebb8bcde6c07d15a.jpg)