চৰাইদেউ জিলা মহিলা মৰ্চাৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীত মন্ত্ৰী যোগেন মহন

চৰাইদেউত বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অলি মহনৰ নেত্ৰিত্বত ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত

 সমগ্ৰ ভাৰতে স্বাধীনতাৰ ৭৫ সংখ্যকৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰ অংশস্বৰূপে আজি চৰাইদেউ জিলা মহিলা মৰ্চাৰ উদ্যোগত আৰু মাহমৰা তিনিওটা মণ্ডলৰ সহযোগত ত্ৰিৰংগা যাত্ৰা অনুষ্ঠিত হৈ যায়।

ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী মাহমৰাৰ কচুমাৰি পৰা আৰম্ভ কৰি খনিকৰ নামঘৰ তিনিআলি হৈ সমবায় সমিতি হৈ কচুমাৰি চাৰিআলিত সমাপন হয়। 

এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে, ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অলি মহন , ৰাজ্যিক সদস্য নৱ বৰুৱা, বিজেপি ৰ চৰাইদেউ জিলা সম্পাদক অজন্ত বৰুৱা, উপ-সভাপতি মন্তু কোঁৱৰ, ব্লক সভাপতি হৰেন গগৈ , মাহমৰা মণ্ডল সভাপতি কৃষ্ণ গোৱালা, কিষান মৰ্চাৰ বিনন্দ কোঁৱৰ , দিগন্ত আৰন্ধৰাৰ লগতে দুইশহস্ৰাধিক ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰি , কৰ্মি আৰু ৰাইজৰ উপস্হিতি প্ৰত্যক্ষ ভাৱে দেখা যায়।