সোমবাৰে সাপেখাটিত সদৌ চাঁওতাল ছাত্ৰ সন্থা চমুকৈ এছু ৰ চৰাইদেউ জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত এছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগাঠনিক সম্পাদক প্ৰবীন টুডু মাঝি মণ্ডলৰ মুখ্য সাংগাঠনিক সম্পাদক স্বপন হেমৰাম এছুৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদকে প্ৰমুখ্যে কৰি বহু সংখ্যক লোক এই সভাত যোগদান কৰে।
সাপেখাটিত এছুৰ উদ্যোগত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত চাঁওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক প্ৰবীন টুডু।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2024/02/nerity_3f9668ecbef3b04b3c969d69da12a537.jpg)