চত্তিশগড়ত অনুষ্ঠিত হোৱা ৩৭সংখ্যক ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা মৰাণৰ অম্লান জ্যোতি মহনক সম্বৰ্ধনা টাই আহোম যুৱ পৰিষদৰ।টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি উত্তম দিহিঙ্গীয়াৰ নেতৃত্বত অনুষ্ঠিত কৰাহয় এই সম্বৰ্ধনা অনুষ্ঠান।অম্লান জ্যোতি মহনে ২৩ কেজি নিম্ম শাখাত সোণৰ।পদক লাভ কৰিবলৈ সক্ষম হৈছিল। মৃদুল মহন আৰু নিৰ্মালী মহনৰ পুত্ৰ অম্লানজ্যোতি মহন মৰাণৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।