শিৱসাগৰঃ অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ৷ অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা ১৩ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা শিৱসাগৰ জিলাত শান্তিপূৰ্ণভাৱে, সুকলমে আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে শিৱসাগৰ জিলাৰ জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে জিলাখনৰ পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধ এলেকাত দণ্ডবিধি কাৰ্য্যপ্ৰণালী ১৯৭৩ ৰ অধীনত ১৪৪ ধাৰা জাৰি কৰিছে ৷ উল্লেখ যে, এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধ এলেকাত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷ কেৱল বৈধ প্ৰৱেশপত্ৰ, ফটোযুক্ত পৰিচয় পত্ৰ থকা পৰীক্ষাৰ্থীহে প্ৰৱেশ কৰিব পাৰিব ৷ আনহাতে পৰীক্ষাৰ্থীসকলে কিতাপ, মোবাইল ফোন, কেলকুলেটৰ, বৈদ্যুতিন সামগ্ৰী, স্মাৰ্ট কী আদি পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ আনিব নোৱাৰিব ৷ এই আদেশ অমান্যকাৰীসকল ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুসৰি দণ্ডণীয় হ'ব বুলি জিলা দণ্ডাধীশে জানিবলৈ দিছে ৷