শিৱসাগৰঃ শিৱসাগৰ নিৰ্বাচনী জিলাত চূড়ান্ত ভোটাৰ তালিকা আজি প্ৰকাশ কৰা হয় ৷ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত শিৱসাগৰ জিলাৰ নিৰ্বাচনী বিষয়াৰ পৌৰুহিত্যত আজি অনুষ্ঠিত হোৱা সৰ্বদলীয় সভাত শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত নৱগঠিত ৯৫ নং ডিমৌ আৰু ৯৬ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত শুধৰণিৰ লগত সংগতি ৰাখি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷ শিৱসাগৰ নিৰ্বাচনী জিলাৰ মুঠ ভোটাৰৰ সংখ্যা ৩,৮৩,৯২২ জন আৰু ইয়াৰ পুৰুষ ভোটাৰৰ সংখ্যা ১,৯০,০৯৮ জন আৰু মহিলা ভোটাৰ ১,৯৩,৮২৪ গৰাকী ৷ আনহাতে তৃতীয় লিংগৰ সংখ্যা ১ জন । ইয়াৰে ৯৫ নং ডিমৌ বিধানসভা সমষ্টিৰ পুৰুষ ভোটাৰৰ সংখ্যা ৮৬,৯৬৮ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৮৭,৩৯৬ গৰাকী । ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পুৰুষ ভোটাৰৰ সংখ্যা ১,০২,৭৭২ জন, মহিলা ভোটাৰৰ সংখ্যা ১,০৪,৮৩২ গৰাকী আৰু তৃতীয় লিংগৰ সংখ্যা ১ জন । উল্লেখযোগ্য যে বুথ পৰ্য্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি সকলোৰে অহৰহ প্ৰচেষ্টাৰ অন্তত এই বৰ্ষত নতুন ভোটাৰ আৰু বিশেষভাৱে সক্ষম ভোটাৰকে ধৰি মুঠ ৩৬৫৯ জন নতুন ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে । স্বচ্ছ আৰু নিকা ভোটাৰ তালিকাৰ প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি এই বৰ্ষত মৃত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা ভোটাৰৰ সংখ্যা হ’ল ৮,৮৫০ । ইয়াৰোপৰি স্থায়ীভাৱে বদলিকৰণ বিচৰাসকলৰো বদলিকৰণ কৰা হয় । ভাৰতীয় নিৰ্বাচন আয়োগে ১১/১১/২০২৩ তাৰিখে জাৰি কৰা অধিসূচনা নং ২৮২/এ এচ/২০২৩ (ডিইএল)ভিঅ’এল-ভি অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে শিৱসাগৰ নিৰ্বাচনী জিলাৰ পূৰ্বৰ ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা কৰ্তন কৰি বৰ্তমান ৯৫ নং ডিমৌ বিধান সভা ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টি হিচাপে শিৱসাগৰ নিৰ্বাচনী জিলাত পুনৰ নিৰ্দ্ধাৰণ কৰা হয় । ইয়াৰ ফলত শিৱসাগৰ নিৰ্বাচনী জিলাত ভোটকেন্দ্ৰৰ সংখ্যা পূৰ্বৰ ৫১২ টাৰ বিপৰীতে ৪৮১ টালৈ হ্ৰাস পালে । পূৰ্বৰ ১০৩ নং আমগুৰি বিধান সভা সমষ্টিৰ ১৬৮ টা ভোটকেন্দ্ৰৰ ভিতৰৰে ১০৪ টা ভোটকেন্দ্ৰ বৰ্তমান ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিত চামিল হয় । আৰু নাজিৰা বিধানসভা সমষ্টিৰ পৰাও ৬টা ভোটকেন্দ্ৰ চামিল হৈ বৰ্তমান ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিত মুঠ ২৬৭ টা ভোটকেন্দ্ৰ আৰু সমবিতৰণ (rationalization)ৰ পাছত ২ টা ভোটকেন্দ্ৰ বাঢ়ি ২৬৯ টা ভোটকেন্দ্ৰ বাহাল থাকে । অন্যহাতে পূৰ্বৰ ১০৮ নং শিৱসাগৰ সমষ্টি ১৯৯ টা ভোটকেন্দ্ৰৰ ভিতৰৰে ৪২ টা ভোটকেন্দ্ৰ বৰ্তমান ৯৫ নং ডিমৌ বিধানসভা সমষ্টিত চামিল হয় আৰু মাহমৰা বিধানসভা সমষ্টিৰ পৰা ২৩ টা ভোটকেন্দ্ৰ চামিল হয় আৰু সমবিতৰণৰ পাছত ২টা ভোটকেন্দ্ৰ বাঢ়ি মুঠ ৯৫ নং ডিমৌ বিধানসভা সমষ্টিত বৰ্তমান ২১২ ভোটকেন্দ্ৰ বাহাল থাকে । আজিৰ সভাত জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, অতিৰিক্ত আয়ুক্ত গীতালী দুৱৰা, জিলা নিৰ্বাচন বিষয়া সুগত গোস্বামী, সহকাৰী আয়ুক্ত-পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা ভাৰপ্ৰাপ্ত জিলা তথ্য ও জনসংযোগ বিষয়া কংকনা শইকীয়াৰ লগতে জিলাখনৰ সংবাদসেৱীসকল উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગારીયાધાર તાલુકાના સાતપડા ગામે જિલ્લા કક્ષાનો પશુપાલન કાર્યક્રમ યોજાયો.
ભાવનગર જિલ્લાના ગારીયાધાર તાલુકાના સાતપડા ગામે જિલ્લા કક્ષાની પશુપાલન શિબિર યોજાઈ . જેમાં શ્રીમતી...
Daru નો જથ્થો રાખનાર સહિત 2 ઈસમો ઝડપાયા
Daru નો જથ્થો રાખનાર સહિત 2 ઈસમો ઝડપાયા
Union Minister of State Shri Arjun Ram Meghwal participates in valedictory function of "The Roots of Identity" event in Meghalaya
Shillong: Union Minister of State for Culture and Parliamentary Affairs Shri Arjun Ram...
ગુજરાતના બોટાદ ખાત થયેલ લઠ્ઠાકાંડ અંગે રાજયના મુખ્યમંત્રી એક્શનમાં..બોલાવી બેઠક લીઘો, આ મોટો નિર્ણય
ગુજરાતના બોટાદ ખાત થયેલ લઠ્ઠાકાંડ અંગે રાજયના મુખ્યમંત્રી એક્શનમાં..બોલાવી તાબડતોબ બેઠક લીઘો આ...