চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণহাটত অৱস্থিত মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰত বিজেপিৰ মৰাণ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। মৰাণ মণ্ডল বিজেপিৰ সভাপতি কমল চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনত বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা অলি মহন, চৰাইদেউ জিলাৰবিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সাধাৰণ সম্পাদক অজন্ত বৰুৱা, মৰাণ।পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত সহ মৰাণ মণ্ডলৰ সমুহ বিষয় ববীয়া আৰু বহুতো দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে।