চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত অসমৰ চাৰিজন যুৱকে কৰুণ মৃত্যুক সাৱটি লোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত মৃত্যু হোৱা চাৰিজন যুৱকৰ দুজন নগাঁৱৰ, তেজপুৰৰ এজন আৰু এজন গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ বুলি জানিব পৰা গৈছে।

যুৱক কেইজনক নগাঁৱৰ বেদান্ত বৰমেহেলা(৩০) আৰু নয়ন বসুমতাৰী(৩০), তেজপুৰৰ সঞ্জীৱ দাস (৩৪) আৰু সোণাপুৰৰ হীৰক বড়ো(৩২) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, ১৭ জুলাইৰ দিনা যুৱক কেইজনে চাৰিচকীয়া বাহনেৰে চুবুৰীয়া ৰাজ্যখনলৈ ফুৰিবলৈ যোৱাৰ পথতে ১৯ জুলাইৰ বিয়লি অৰুণাচলৰ দুৰ্গম পাহাৰীয়া পথত দুৰ্ঘটনাত পতিত হৈ পাহাৰৰ ওপৰৰ পৰা পৰি যায়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনাৰ পৰাই সন্ধানহীন হৈ আছিল যদিও আজি পুৱা আটাইকেইগৰাকী যুৱকৰে মৃতদেহ উদ্ধাৰ হৈছে পাহাৰৰ তলিৰ দুৰ্গম অঞ্চলত।