আমি সকলোৱে জানো যে, কেন্সাৰ এক বৃহৎ শাৰীৰিক তথা সামাজিক সমস্যা আৰু দ্বিতীয় সৰ্ববৃহৎ মৃত্যুৰ কাৰণ হিচাপে পৰিগণিত হৈছে ৷ উত্তৰ-পূৰ্ৱাঞ্চল তথা অসমত কেন্সাৰৰ সমস্যা অতি গুৰুতৰ ৷ সেয়েহে ইয়াৰ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে ৰাইজক শক্তিশালীৰূপত সজাগ কৰাৰ লগতে কেন্সাৰৰ সম্পৰ্কে জনমানসত থকা ভুল ধাৰণা আঁতৰ কৰা, উপযুক্ত তথা সময়োপযোগী চিকিৎসাৰ বাবে সামাজিক সহযোগিতা আৰু পৰামৰ্শ প্ৰদানৰ মানসেৰে " আজি “বিশ্ব কৰ্কট দিৱস” উপলক্ষে সমগ্ৰ দেশৰ সমান্তৰালকৈ শিৱসাগৰ জিলাতো ৰাজ্যিক ভিত্তিত বিশ্ব কৰ্কট দিৱস উদ্‌যাপন কৰা হয় ৷ উল্লেখযোগ্য যে, "CLOSE THE CARE GAP" শ্ল’গান হিচাপে লৈ "প্ৰতিশ্ৰুতি" কেন্সাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট আৰু ইণ্ডিয়ান মেডিকেল এচ’ছিয়েছন(IMA)ৰ যৌথ উদ্যোগত তথা শিৱসাগৰ ৰটাৰী ক্লাব, দিখৌমুখ মহাবিদ্যালয়, গড়গাওঁ মহাবিদ্যালয়, বাৰোৱাৰী কলাকৃষ্টি কেন্দ্ৰ, শিৱসাগৰ জিলা মহিলা সমিতি, শিৱসাগৰ প্ৰেছ ক্লাবৰ সহযোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ সভাগৃহত আজি অৰ্থাৎ ৪ ফেব্ৰুৱাৰী পুৱা ১১ বজাৰ পৰা বিশ্ব কৰ্কট ৰোগ সজাগতা দিৱস অনুষ্ঠিত হয় । একেখন সভাতেই উদ্যোক্তাসকলে শিৱসাগৰ বাৰোৱাৰী কলাকৃ্ষ্টি কেন্দ্ৰৰ সক্ৰিয় সদস্যা, সচেতন মহিলা তথা সংগীতশিল্পী উৎপলা শ্ৰুতিকৰ বৰুৱাক “প্ৰতিশ্ৰুতিৰ যোদ্ধা বঁটা” প্ৰদান কৰে ৷ উক্ত সভাত প্ৰতিশ্ৰুতিৰ প্ৰকল্প সঞ্চালিকা(অবৈতনিক) ডাঃ গায়ত্ৰী গগৈ, সম্পাদক পান্না ভৰালী, ইণ্ডিয়ান মেডিকেল এচ’ছিয়েছনৰ সভাপতি, সম্পাদক ক্ৰমে ডাঃ ললিত বৰা আৰু ডাঃ সুৰজিত গিৰি, বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰ, বাৰোৱাৰী কলাকৃষ্টি কেন্দ্ৰৰ সম্পাদক মনোজ ভাগৱতীৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷