চাপৰমুখ সিং গাঁও নিবাসী,চাপৰমুখ গুৰুদ্বাৰা মাতাজী প্ৰবন্ধক কমিটিৰ ১৩বাৰকৈ সভাপতিৰ পদ অলংকৃত কৰা বিশিষ্ট সমাজকৰ্মী, ফুটবল খেলবৈ,ধৰ্মপ্ৰান ব্যক্তি তথা ৰহা,চাপৰমুখ ৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠান ৰ লগত জড়িত হৈ সেবা প্ৰদান কৰি অহা প্ৰয়াত চৰদাৰ যশবীৰ সিং ৰ আজি প্ৰথম বাৰ্ষিকী মৃত্যু তিথিত শ্ৰদ্ধাৰে স্মৰন কৰে।

   এই উপলক্ষে যোৱা ১৮ জানুৱাৰী ত শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ সহেজপাঠ আৰম্ভ হোবা ৰ লগতে আজি চাপৰমুখ সিং গাঁও স্থিত বুৰঞ্জীপ্ৰসিদ্ধ দ্বিতীয় ঐতিহাসিক গুৰুদ্বাৰা মাতাজীত পুবা ৮বজাত আশা দী ৱাৰ ও কীৰ্তন আৰম্ভ হোবা ৰ লগতে ১৮ জানুৱাৰী ৰ পৰা চলি থকা শ্ৰীগুৰু গ্ৰন্থ চাহিবজীৰ সহেজ পাঠ সমাপ্তি হোবাৰ লগতে গুৰুদ্বাৰা মাতাজীত বিশিষ্ট সমাজকৰ্মী এল পি সিংৰ সভাপতিত্বত অনুষ্ঠিত হোবা স্মৃতি চাৰন সভাত  জ্ঞানী প্ৰবান সিং আৰু জ্ঞানী ধ্যান সিংহৰ দ্বাৰা সবদ কীৰ্তন কৰাৰ লগতে সূদুৰ পঞ্জাব ৰ পৰা অহা প্ৰচাৰক চৰদাৰ গুৰুমুখ সিং দ্বাৰা কথা পাঠ কৰাৰ লগতে জচপ্ৰীত কৌৰৰ দ্বাৰা নানাৰ স্মৃতিত কবিতা পাঠ কৰাৰ পাছত আৰদাসৰে স্মৃতি চাৰন সভাৰ সমাপন কৰাৰ পাছত গুৰুদ্বাৰাত গুৰু কা লংগৰ ত ভক্ত সকলে প্ৰসাদ গ্ৰহন কৰে।

    এই উপলক্ষে প্ৰয়াত যশবীৰ সিংৰ পত্নী ৰীনা কৌৰ,জ্যেষ্ঠ পুত্ৰ নৰেন্দ্ৰ পাল সিং,বোৱাৰী ৰীমাশ্ৰী কৌৰ,কনিষ্ঠ পুত্ৰ বোৱাৰী আজমীৰ সিং আৰু পৰমীত কৌৰ,চাপৰমুখ গুৰুদ্বাৰা মাতাজী প্ৰবন্ধক কমিটি,চাপৰমুখ শিখ যুব সন্থা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ প্ৰতিনিধি সহ নগাঁও জিলা ছাত্ৰ সন্থা উপদেষ্টা মৃদুল হাজৰিকা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সম্পাদক ভাৰত বৰুৱা, ৰহা টাউন শাখা ছাত্ৰ সন্থা ৰ সম্পাদক মৃগাংক বৰা,শিক্ষক নাট্যকাৰ চন্দন জ্যোতি ভূঞা আৰু ৰহা,চাপৰমুখ, লংকা,বৰকলা,গুৱাহাটী ৰ পৰা অহা শতাধিক পুৰুষ মহিলা যুবক যুৱতী উপস্থিত থাকি  প্ৰয়াত যশবীৰ সিং ক শ্ৰদ্ধাৰে স্মৰণ কৰে।