আজিৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে লাকুৱা চলাপথাৰ শ্যাম গাৱত পয়লেং ৰথোৎসৱৰ আৰম্ভ হয়। তিনিদিনীয়া বৰ্ণাধ্য কাৰ্য্যসূচীৰে আৰম্ভ হোৱা আজিৰ প্ৰথমটো দিনত চলাপথাৰ শ্যাম গাঁৱত পয়লেং উৎসৱ আৰম্ভ হয়। বিগত বৰ্ষত পৰিনিৰ্বাণ ঘটা ড°শাসন বংশমহাথেৰ ভান্তেক শ্ৰদ্ধা নিবেদন কৰিবলৈ পয়লেং উৎসৱৰ আয়োজন চলাপথাৰ গাঁও বাসীৰ। উঃপূৱ ভাৰতৰ প্ৰসিদ্ধ ধৰ্মগুৰু তথা আনন্দৰাম বৰুৱা বঁটা প্ৰাপক প্ৰাকৃত পালিভাষা বৌদ্ধ ধৰ্মৰ পণ্ডিত প্ৰৱৰ সাহিত্যিক শিক্ষাবিদ ধৰ্মৰত্ন ড° শাসনবংশ মহাথেৰৰ ভাতৃ ৰ পৰিনিৰ্বাণ প্ৰাপ্তিৰ উপলক্ষে অন্তিম পৱিত্ৰময় পালনীয় পয়লেং ৰথোৎসৱ অনুষ্ঠান টি আজিৰ পৰা।অনুষ্ঠিত হৈছে। বৌদ্ধ ধৰ্মীয় ৰীতি -নীতি অনুসৰি অনুষ্ঠিত হোৱা এই উৎসৱত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ লগতে থাইলেণ্ড, লাউচ ভিয়েটনামৰ পৰা অহা বৌদ্ধ ধৰ্মাৱলম্বী লোকে অংশ গ্ৰহন কৰে ।