প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰনাথ সন্দিকৈলৈ ডিব্ৰুগড় প্ৰেছ ক্লাৱে প্ৰদান কৰিলে এই বৰ্ষৰ নীলিম চৌধুৰী সোঁৱৰণী সাংবাদিকতা বঁটা। কে কে চহৰীয়া লায়ন্স চকু চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ একাদশ বাৰ্ষিক স্মৃতিচাৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিকমৰ প্ৰবীণ সাংবাদিকজনলৈ ডিব্ৰুগড় প্ৰেছ ক্লাৱে প্ৰদান কৰিলে এই বিশেষ বঁটা। ক্লাৱৰ সভাপতি প্ৰবীৰ কুমাৰ চক্ৰৱৰ্তীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ক্লাৱৰ সাধাৰণ সম্পাদক অনিল কুমাৰ পোদ্দাৰে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে। প্ৰয়াত সাংবাদিক নীলিম চৌধুৰীৰ সৈতে লাভ সান্নিধ্যৰ কথা স্মৰণ কৰি এগৰাকী সাংবাদিক হিচাপে থাকিবলগীয়া সকলো গুণেই নীলিম চৌধুৰীৰ গাঁত দেখা গৈছিল বুলি মন্তব্য কৰে। অনুষ্ঠানত ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উপদেষ্টা শৰৎ নেওগ, আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠান কাৰ্যবাহী লোহিত ডেকা, নীলিম চৌধুৰীৰ পৰিয়ালৰ হেমন্ত বৰ্মণ আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে, প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰনাথ সন্দিকৈক প্ৰদান কৰা প্ৰয়াত সাংবাদিক নীলিম চৌধুৰী সোৱৰণী সাংবাদিকতাত বঁটাত আছে ফুলাম গামোচা, শৰাই, জাপি, মানপত্ৰ, বিশ হাজাৰ টকাৰ এখন চেক। মন কৰিবলগীয়া যে, ১৯৪৪ চনত জন্মগ্ৰহণ কৰা প্ৰবীণ সাংবাদিকজনে 'দৈনিক অসম' কাকতৰ জৰিয়তে আৰম্ভ কৰিছিল সাংবাদিকতাৰ জীৱন। ইয়াৰ পৰৱৰ্তী সময়ত ১৯৮০ চনত তেজপুৰৰ পৰা প্ৰকাশিত তিনিদিনীয়া 'মহাজতি' নামৰ কাকতখনত সংবাদসেৱা আগবঢ়োৱাৰ পিছত ১৯৯৯ চনৰ পৰা সাপ্তাহিক স্পন্দন কাকততো জড়িত হৈ আছিল। স্থানীয় বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা সন্দিকৈয়ে 'আমাৰ অসম', 'দৈনিক জনমভূমি' আদি কাকতৰ সৈতে জড়িত হৈ আছিল। সম্প্ৰতি ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত দৈনিক সংবাদপত্ৰ 'অসম আদিত্য' কাকতৰ ডিব্ৰুগড়ৰ সংবাদদাতা হিচাপে কৰ্মৰত সন্দিকৈয়ে শিক্ষকতাৰ দৰে মহান বৃত্তিটো জড়িত হৈ ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
"माता जिनको याद करे वो लोग निराले होते हैं.. माता जिनका नाम पुकारे किस्मत वाले होते हैं ..", भजन संध्या में गूंजे आशापुरा माताजी के जयकारे
131वें राष्ट्रीय मेला दशहरा 2024 के अंतर्गत शुक्रवार को दुर्गाष्टमी पर आशापुरा माताजी मंदिर पर...
ICC ODI World Cup 2023: पाकिस्तानी खिलाड़ियों को नहीं मिला भारत का वीजा, बाबर आजम की सांसें अटकी
ICC ODI World Cup 2023: पाकिस्तानी खिलाड़ियों को नहीं मिला भारत का वीजा, बाबर आजम की सांसें अटकी
Diwali Muhurat Trading 2023: Hindustan Copper में अच्छी Recovery, जल्द नज़र आएंगे 160 के Level?
Diwali Muhurat Trading 2023: Hindustan Copper में अच्छी Recovery, जल्द नज़र आएंगे 160 के Level?