বিজেপি খোৱাং মণ্ডল মহিলা মৰ্চাৰ মৰাণ আৰক্ষী থানাত ৰাখী বন্ধন

তেওঁলোকে আমাক সুৰক্ষা দিয়ে, তেওঁলোকে জনসাধাৰণৰক ন্যায়, আস্থা আৰু আস্বাস প্ৰদান কৰে।দেশ সেৱাত তেওঁলোক ব্ৰতী হৈ ঘৰ পৰিয়ালৰ পৰা বহু দূৰত থাকে। তেওঁলোকৰ সু স্বাস্হ্য আৰু দীৰ্ঘায়ু কামনাৰে আজি খোৱাং মণ্ডল মহিলা মৰ্চাই মৰাণ আৰক্ষী থানাত প্ৰতিজন আৰক্ষী বিষয়া, কনিষ্টবল সকলোকে ভাতৃ ভগ্নীৰ স্নেহেৰে পবিত্ৰ ৰাখী বন্ধনৰ শুভেচ্ছা জনালে ।