ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত লন বলৰ মহিলাৰ দলীয় শাখাত স্বৰ্ণ পদক জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা নয়নমণি শইকীয়াই আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিলে।

মুখ্যমন্ত্ৰীক সাক্ষাত কৰি উজনি অসমত এখন লন বল কৰ্ট নিৰ্মাণৰ বাবে নয়নমণিয়ে জনালে অনুৰোধ।

স্বৰ্ণজয়ী নয়নমণিৰ আহ্বানৰ সহাৰি জনাই শীঘ্ৰে এখন লন বল কৰ্ট নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

ইফালে নয়নমণিক ক্ৰীড়া নীতি অনুসৰি সুবিধা দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।