শিৱসাগৰত বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ জৰুৰী সভা ৷ শিৱসাগৰ জিলাৰ অন্যতম সাংবাদিক সংঘ "বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাব"ৰ আগন্তুক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি এখন জৰুৰী সভা শিৱসাগৰ নগৰৰ মাজমজিয়াৰ ক্লাবৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয় ৷ জ্যেষ্ঠ সাংবাদিক তথা প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰে সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক কুমাৰ অভিজিৎ দুৱৰাই ৷ উক্ত সভাত বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ আগন্তুক প্ৰতিষ্ঠা দিৱসটি সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয় ৷ সভাত কেইবাগৰাকীও সাংবাদিকে বক্তব্য প্ৰদান কৰে ৷