ৰহা দীঘলদৰি স্থিত শ্ৰীশ্ৰী বামন গোঁসাই থান মুল তোৰন ভাগ অহাকালি মন্ত্ৰী পীয়ুষ হাজৰিকাই উন্মোচন কৰাৰ লগতে সামুহিক প্ৰীতি ভোজ ৰ আয়োজন হব।

     মাঘ বিহু উপলক্ষে দীঘলদৰি,কাকতি গাঁও,পহুপুৰী,মিলনপুৰ,আদৰ্শ গাঁও,ন কাকতি গাঁও সহ মুঠ ৮খন গাঁও ৰ সহযোগত সামুহিক প্ৰীতি ভোজ ৰ আয়োজন ৰ বাবে এখন আয়োজন সমিতি গঠন কৰি ব্যাপক প্ৰস্তুতি চলাই থকাৰ লগতে আজি আয়োজন সমিতিৰ কাৰ্য্যকৰী সভাপতি ভদ্ৰকান্ত নাথে বন্তি প্ৰজ্বলন আৰু সভাপতি পদ্মকান্ত নাথে পতাকা উওোলন কৰি দু দিনীয়া কাৰ্য্যসূচী ৰ  শুভাৰম্ভ কৰে।বিয়লী আই সকলৰ দ্বাৰা দিহানাম পৰিবেশন আৰু ভাগবত পাঠ আৰম্ভ হয়।

       লগতে আয়োজন সমিতিয়ে জানিব দিয়ে যে অহা কালি শনিবাৰে পূবা মহিমামণ্ডিত শ্ৰীশ্ৰী বামন গোঁসাই থানৰ মুল তোৰন দ্বাৰ উন্মোচন কৰিব অসম চৰকাৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা।লগতে উপস্থিত থাকিব ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস।

      ইয়াকলৈ দীঘলদৰি মিলনপুৰ সমন্বয় ক্ষেত্ৰত উখল মাখল পৰিবেশ সৃষ্টী হৈছে।