বৃহস্পতিবাৰে মৰাণত ৫২৪৮ গৰাকী হিতাধিকাৰীক অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে ৰেচন কাৰ্ড বিতৰণ কৰে। মৰাণৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত এই উদ্দেশ্যে আজি অনুষ্ঠিত হোৱা এক বিশাল ৰাজহুৱা সভাত হিতাধিকাৰী সকলক এই ৰেচন কাৰ্ড বিতৰণ কৰে। খোৱাং বিধান সভা সমষ্টিৰ অন্তৰ্গত ওঠৰ টা পঞ্চায়ত সামৰি লৈ ৰেচন কাৰ্ড দিয়াহয়। বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত প্ৰায় চাৰি সহস্ৰাধিক লোকে পোনপতিয়াকৈ এই কাৰ্ডসমুহ গ্ৰহন কৰে। সভাত ডিব্ৰুগড় জিলাৰ আয়ুক্তকে ধৰি কেইবাগৰাকী চৰকাৰী বিষয়া উপস্থিত থাকে।
মৰাণত ৫২৪৮গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী যোগেন মহনৰ, সভাত উপস্থিত আয়ুক্ত আৰু বিধায়ক চক্ৰধৰ গগৈ।
