সদ্য ঘোষিত অসম লোকসেৱা আয়োগ পৰীক্ষাত ৰহা গডমাৰীৰ দীপ ৰঞ্জন কাকতিয়ে ৩০১ৰেং লৈ সমগ্ৰ নগাঁও জিলা ৰ লগতে ৰহালৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছে।

   ৰহা গডমাৰী নিবাসী ৰোহিনী কুমাৰ কাকতি আৰু লুকুমনী বৰাৰ সু সন্তান দীপ ৰঞ্জন কাকতিয়ে লোকসেবা আয়োগ পৰীক্ষাত সহকাৰী গাননীক বিষয়া পদত ৩০১ৰেং লৈ সমস্ত ৰহা আঞ্চললৈ গৌৰৱ কঢিয়াই অনাত আজি পূবা নগাঁও জিলা ছাত্ৰ সন্থা উপদেষ্টা মৃদুল হাজৰিকা, ৰহা আঞ্চলিক ছাত্ৰ সন্থা সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা সহ এক প্ৰতিনিধি দল দীপৰ ঘৰত উপস্থিত হৈ ফুলাম গামোচাৰে পিতৃ মাতৃ আৰু দীপক সম্বৰ্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰে।

     দীপৰ এই সফলতাত পিতৃ মাতৃ সংবাদ মাধ্যমৰ আগত আবেগিক হৈ পৰে আৰু দীপে নিজক সফলতাৰ বাবে পিতৃ মাতৃ, বন্ধু বান্ধবী ক ধন্যবাদ জনাই।