চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন 

***************************************

দেশৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সম্পুৰ্ণ প্ৰতিশোধ মুলক মনোভাৱেৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী শ্ৰীমতী ছোনীয়া গান্ধী ডাঙৰীয়ানীক যোৱা 21 জুলাই তাৰিখে ED ৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ জাৰি কৰাৰ লগতে ইতিপূৰ্ৱে দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াকো একেদৰে কেইবাবাৰো হাৰাশাস্তি কৰি আহিছে ৷

বিজেপি চৰকাৰৰ এই ৰাজনৈতিক আক্ৰোশ মুলক কাৰ্য আৰু গণতান্ত্ৰিক অনুষ্ঠানৰ অপ প্ৰয়োগৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকী ৰ নেতৃত্বত আৰু চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ আটাইকেইটা ব্লক কংগ্ৰেছ কমিটি ,মন্ডল কংগ্ৰেছ,মহিলা কংগ্ৰেছ ,সেৱা দল ,সেৱা দল ,যুৱ কংগ্ৰেছ ,NSUI ৰ লগতে দলৰ বিভিন্ন বিভাগৰ নেতা কৰ্মীৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰা হয় ৷প্ৰতিবাদী সমদল ক সোণাৰি ৰাজীৱ ভৱনৰ সমীপতে আৰক্ষীয়ে বাধা দিয়ে ,পাছত সোণাৰি ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নৱজ্যোতি চহৰীয়া ৰ যোগেদি এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়লৈ প্ৰেৰণ কৰা হয় ৷