দেশৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সজাগতা সমদল বাহিৰ কৰা দেখা গৈছে।

ইয়াৰ সমান্তৰালকৈ ঢকুৱাখনা উন্নয়ন খণ্ডৰ সৌজ্যনত পূৱ ঢকুৱাখনা পঞ্চায়ত, গন্ধিয়া পঞ্চায়ত আৰু হাৰ্হি পঞ্চায়তৰ "ত্ৰিণয়ন" মণ্ডল সংগঠনৰ শতাধিক মহিলাই এক বিশাল সজাগতা সমদল বাহিৰ কৰা দেখা যায়। 

ইয়াৰ সদস্যাসকলে নিজ হাতে তৈয়াৰ কৰা ত্ৰিৰংগা হাতত লৈ "হৰ ঘৰ ত্ৰিৰংগা" ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে।