ৰহা নিবাসী, বিশিষ্ট শিক্ষাবিদ তথা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাৰ গ্ৰন্থ এৰি অহা জীৱন এষনা আজি নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰান কুমাৰ বৰুৱাই উন্মোচন কৰে।

    এই উপলক্ষে আজি দিনৰ ৩বজাত ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহ ত অসম জ্যেষ্ঠ নাগৰিক সন্মিলন,ৰহা শাখাৰ উদ্যোগত অনুষ্ঠিত তথা ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা ৰ সভাপতিত্বত, ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক বিনোৱা ৰাজবংশী ৰ উদ্দেশ্য ব্যাখ্যা আৰু গ্ৰন্থ উন্মোচনী সভাৰ আহবায়ক লক্ষী প্ৰসাদ ডেকাই আঁত ধৰা গ্ৰন্থ উন্মোচন সভাৰ শুভাৰম্ভ জ্যেষ্ঠ নাগৰিক সন্মিলন ৰহা শাখাৰ উপদেষ্টা ৰমনী কুমাৰ ভূঞা ৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু ৰিজুমনী গোস্বামীৰ বৰগীত পৰিবেশনেৰে শুভাৰম্ভ হোবা গ্ৰন্থ উন্মোচন সভাত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰান কুমাৰ বৰুৱাই গ্ৰন্থ উন্মোচন কৰি সভা সম্বোধন কৰে।

       সাবিত্ৰী শইকীয়া দাস, গীতাঞ্জলি বৰ্মনৰ দ্বাৰা গীত পৰিবেশন আৰু ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ দুগৰাকী ছাত্ৰীৰ দ্বাৰা নৃত্য প্ৰদৰ্শনেৰে মুখৰিত হোবা গ্ৰন্থ উন্মোচন সভাত ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভানেত্ৰী তথা সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভুঞা, বিশিষ্ট লেখক তথা ৰাজনৈতিক বিশ্লেষক ড° ৰঞ্জিত সভাপণ্ডিত,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ অধ্যক্ষ প্ৰভাত চন্দ্ৰ নাথ,গ্ৰন্থ লেখক কমল চন্দ্ৰ শৰ্মাৰ সহধৰ্মীনি তথা ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন উপাধ্যক্ষা দ্বিপ্তী দেৱী শৰ্মা, সদৌ অসম তিৱা ছাত্ৰ সন্থা ৰ উপদেষ্টা প্ৰহ্লাদ কুমাৰ মছৰং, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ মনিৰাম নাথ, ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেবী,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ,বিশিষ্ট লেখিকা গীতা কলিতা, জ্যেষ্ঠ বিজ্ঞানী ড° দিনেশ হাজৰিকা, জ্যেষ্ট নাগৰিক মাধব চন্দ্ৰ নাথ,প্ৰাক্তন শিক্ষক প্ৰফুল্ল নাথ,ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি অজিত সিং ডেকা, বিশিষ্ট কবি প্ৰেম নাৰায়ন নাথ,অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ ৰহা আঞ্চলিক সমিতিৰ সভাপতি নিলোৎপল হাজৰিকা,উপদেষ্টা হৰি প্ৰসাদ ৰাজখোৱা, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ জ্যেষ্ঠ শিক্ষক মৃগাংক বৰা,ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা,ৰহা পৌৰসভা ব্যবসায় সন্থাৰ সভাপতি কমল শৰ্মা, জ্যেষ্ঠ নাগৰিক দুলাল পাতৰ, ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ ৰ প্ৰাক্তন শিক্ষয়ত্ৰী চয়নিকা ডেকা,অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় ৰহাৰ প্ৰধান পৰিচালক অবনী কুমাৰ শইকীয়া,প্ৰধান সম্পাদক ৰন্টু মুদৈ সহ বিভিন্ন দল সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিনিধি, গনমান্য ব্যক্তি আৰু কমল চন্দ্ৰ শৰ্মাৰ পৰিয়াল বৰ্গ উপস্থিত থাকে।