বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগৰ দামোদৰধাম মহিলা সংগঠনৰ উদ্যোগত আজি হৰঘৰ ত্ৰিৰংগাৰ সজাগতা সমদলে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷দামোদৰধাম বজাৰৰ পৰা উলিৱা সমদলটো অতিপাত আকৰ্ষনীয় হৈ পৰিছিল৷

সংগঠনটোৰ অন্তৰ্গত ৫৩ নং সানেকুছি আৰু ৪৮ নং উপৰ বৰভাগ গাওঁ পঞ্চায়তৰ অন্তৰ্গত পাচ শতাধিক মহিলাই বৰভাগৰ বিভিন্ন বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে৷