নতুন দিল্লী, ১১ আগষ্ট। দেশৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে জগদীপ ধনখৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে জগদীপ ধনখৰক শপত গ্ৰহণ কৰোৱায়। ধনখৰে হিন্দী ভাাষাতেই শপত গ্ৰহণ কৰে।

ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত বিদায়ী উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

ধনখৰে বৃহস্পতিবাৰে ৰাজঘাট ভ্ৰমণ কৰি আৰু মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শপত বাক্য পাঠ কৰে।