মৰাণহাট সেউজপুৰ নিবাসী বিজয়লক্ষ্মী গগৈ ডক্টৰেট ডিগ্ৰী লাভ

বিজয়লক্ষ্মী গগৈক "Study of Neotectonis in the Frontal parts of Mishimi Hills, Arunachal Pradesh, India" শীৰ্ষক গৱেষণাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পি এইচ্ ডি ডিগ্ৰী প্ৰদান কৰিছে। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ব বিভাগৰ অধ্যাপক ড° দেৱজিৎ বেজবৰুৱাৰ তত্ত্বাবধানত উক্ত বিষয়ৰ গৱেষণাকাৰ্য সম্পন্ন কৰিছিল। শ্ৰীমতী গগৈ চৰাইদেউ জিলাৰ ডবা গ্ৰাণ্ট নিবাসী প্ৰয়াত নিত্যানন্দ গগৈ আৰু ফণীপ্ৰভা গগৈৰ নাতিনী আৰু বৰ্তমান মৰাণহাট সেউজপুৰ নিবাসী শ্ৰী সুনন্দ গগৈ আৰু শ্ৰীমতী সন্ধ্যাৰাণী ফুকন গগৈৰ জ্যেষ্ঠা কণ্যা। সম্প্ৰতি গগৈ অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমণ প্ৰাধিকৰণৰ এগৰাকী প্ৰকল্প বিষয়া হিচাপে চৰাইদেউ জিলাত কৰ্মৰত।