বৰহাটত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশাল সমদল পদ যাত্ৰা ।

আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূৰ্চীত আজি বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰহাট লোহলীয়া প্ৰাথমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে পতাকালৈ বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বৰহাট মহাবিদ্যালয় ,পৰিদৰ্শন ভৱন,বৰহাট সাপ্তাহিক বজাৰহৈ সমদল যাত্ৰা কৰে।সমদল যাত্ৰাটো শৃংখলাবদ্ধ ভাবে সম্পন্ন হোৱাত নেতৃত্ব দিয়ে বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষক দেৱজিত গগৈ, ৰঘু তেলী,বৰহাট কেন্দ্ৰৰ সমল ব্যক্তি ভাস্কৰ দত্তই। সমদলৰ সামৰণিৰ পাছত বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়।সভাত শিক্ষক সকলে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক হৰ ঘৰ ত্ৰিৰংগাৰ লক্ষ উদ্দেশ্য তথা জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন, সু-ব্যৱহাৰ আদি সন্দৰ্ভত বিস্তৃত ভাবে ভাষণ আগবঢ়াই।