অসম নাট্য সন্মিলনৰ ইংগিত ঘিলামৰা শাখা আৰু ইংগিত নাট্যগোষ্ঠীৰ উদ্যোগত, ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহযোগত যোৱা দুই জুলাইৰ পৰা অনুষ্ঠিত হোৱা শিশু নাট কৰ্মশালা আৰু কবিতা আবৃত্তি কৰ্মশালা বৰ্ণাঢ্য কাৰ্যসূচীয়ে সামৰণি হয়। সন্ধিয়া ছয় বজাৰ পৰা নিম্ন আৰু উচ্চ শাখাৰ ছাত্ৰ-ছাত্ৰী সকলে কবিতা আবৃত্তি কৰাৰ পিচতে ‘স্বাগতম ঘিলামৰা ’, বৰশী, বেউলা, তেজীমলা, অ’ ফুল অ’ ফুল ’, বিহাইণ্ড দা স্ক্ৰীন’ নামৰ ছয় খন নাটক কৰ্মশালাত অংশ গ্ৰহণ কৰা কণ কণ প্ৰশিক্ষাৰ্থী সকলে মঞ্চষ্ঠ কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।