বিহপুৰীয়া, ৫ জুলাই : বিহপুৰীয়া সমষ্টিৰ চাৰিবাৰকৈ বিধায়ক তথা প্ৰাক্তন শিক্ষামন্ত্ৰী  প্ৰেমধৰ বৰা অসুস্থ। বাদ্ধক্য জনিত ৰোগত আক্ৰান্ত প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকী ২ জুলাইত ডিব্ৰুগড়স্থিত আস্থা চিকিৎসালয়ত ভৰ্তি কৰা হয়। সম্প্ৰতি চিকিৎসাধিন অৱস্থাত থকা প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে বিহপুৰীয়াবাসীয়ে ৷