মাজুলীৰ কৃষক সকলে বিভিন্ন সময়ত জলসিঞ্চনৰ বিভিন্ন সমস্যাৰ লগতে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। আজি মাজুলীৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নামনি মাজুলী আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে কৃষক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ পূৰণৰ অৰ্থে দাবী জনায় অসম চৰকাৰৰ জলসিঞ্চন বিভাগলৈ মাজুলী জিলাৰ জলসিঞ্চন বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তাৰ যোগেদি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।