বিশ্বনাথৰ মুখৰগড়ত বিশ্ব আদিবাসী দিৱস পালন 

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা) বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু জিলাখনৰ অন্তৰ্গত আঞ্চলিক সমিতি আৰু প্ৰাথমিক গোটৰ সহযোগত কালি গাম্ভীৰ্যপূৰ্ণ ভাবে বিশ্ব আদিবাসী দিৱস পালন কৰা হয় ৷ মূখৰগড় ১১ নং লাইনৰ খেলপথাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত আছাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি অমিত কিণ্ডই সভাপতিত্ব কৰে ৷ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতি স: সম্পাদক আৰমান কিণ্ডই । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে অসম ৰাজ্যিক চাহ মৰ্চা সমিতি সভাপতি দিগন্ত ঘাটোৱাৰ , বিশ্বনাথ শাখা চাহ মজদুৰ সংঘৰ সম্পাদক নগেন গোৱালা , বিশিষ্ট সমাজ সেৱক জোনাচ গুৰিয়া , আছাৰ কেন্দ্ৰীয় সদস্য দিনেশ তপ্প ,বিশ্বনাথ জিলা আছাৰ কাৰ্য্যালয় 

সম্পাদক বিকি পানিকাকে ধৰি জিলা , আঞ্চলিক আৰু প্ৰাথমিক গোটৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ৷