বুধবাৰে বিয়লি নাৰায়ণপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে নাৰায়ণপুৰ পৌৰসভাই ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে দেশৰ আজাদী কা অমৃত মহোৎসৱ আৰু স্বাধীনতা দিৱস উদ্যাপন সম্পৰ্কে তিনিদিনীয়া কাৰ্যসুচী প্ৰকাশ কৰে ৷ আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে এইবাৰ নাৰায়ণপুৰ নগৰৰ এক নম্বৰ ৱাৰ্ডত অৱস্থিত ঐতিহাসিক খোলচোৱা পুখুৰীত অমৃত সৰোবৰ মেলা নামেৰে তিনিদিনীয়া কাৰ্যসুচীৰে স্বাধীনতা দিৱস উদ্যাপন কৰা হ’ব ৷ সেইউপলক্ষ্যে তেৰ আগষ্টত পুৱা ৯ বজাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া জিন্টু শৰ্মাই জাতীয় পতাকা উত্তোলন কৰি অমৃত সৰোবৰ মেলা উদ্ধোধন কৰিব ৷ ইয়াৰ পাছতে পৌৰসভাৰ অন্তৰ্গত বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক লৈ শ্বহীদ কনকলতা বৰুৱা জন্মস্থানলৈ বুলি শিক্ষামুলক ভ্ৰমন আৰম্ভ হ’ব ৷ দিনটোত বৃক্ষৰোপন , চিত্ৰাংকন আৰু ৰচনা , বাটৰ নাট , ফেঞ্চি ড্ৰেচ প্ৰতিযোগিতা আৰু নাৰায়ণপুৰ কাব্য কাননৰ উদ্যোগত কবি সন্মিলন অনুষ্ঠিত হ’ব ৷ ১৪ আগষ্টত ঐতিহাসিক ফুলনি থানৰ পৰা জল আহৰণ কৰি অমৃত সৰোবৰত শুদ্ধিকৰণ কৰাৰ অন্তত ৯ বজাত জাতীয় পতাকা উত্তোলন কৰিব পৌৰপতি হৰিশ চন্দকে ৷ দুটাকৈ বিষয়ত আলোচনা সত্ৰ অনুষ্ঠিত হোৱাৰ লগতে দিনটোত দেশপ্ৰেমমূলক গীত আৰু নৃত্য প্ৰতিযোগিতা , খোলচোৱা পুখুৰীৰ ইতিহাসৰ পত্ৰিকা উদ্ধোধন আৰু ৰাতিলৈ সাংস্কৃতিক অনুস্থান ৰুপায়ন কৰা হ’ব ৷ ১৫ আগষ্টত খোলচোৱা পুখুৰীত ৬০ ফুট উচ্চতাত জাতীয় পতাকা উত্তোলন কৰিব বিধায়ক অমিয় কুমাৰ ভূঞাই ৷ তাৰোপৰি ৭৪ খন জাতীয় পতাকা উত্তোলন কৰিব বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ৷ দিনটোত সমবেত সংগীত চিলা উৰুৱা প্ৰতিযোগিতাৰ লগতে পুৰস্কাৰ বিতৰণৰ শেষত বিয়লি ৪:৩০ বজাত ৭৫ খন পতাকা অৱনমনৰ অন্তত সামৰণি পৰিব তিনিদিনীয়া কাৰ্যসুচীৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: आज BJP में शामिल हो सकते हैं Kailash Gehlot, एक दिन पहले दिया था AAP से इस्तीफा
Breaking News: आज BJP में शामिल हो सकते हैं Kailash Gehlot, एक दिन पहले दिया था AAP से इस्तीफा
सतिया पुलिस ने नगांव से कुख्यात ड्रग्स तस्कर रहमत अली को गिरफ्तार किया
विश्वनाथ जिले के सतिया पुलिस के थाना द्वितीय प्रभारी अभिजीत हजारिका के नेर्तित्व में गये दल ने...
শোকাৱহ! নিযুক্তি পৰীক্ষাৰ প্রশ্ন-উত্তৰবহী কঢ়িয়াই নিওঁতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যু আৰক্ষী বিষয়াৰ..
এক শোকাৱহ ঘটনা।দুৰ্ঘটনাত পতিত হৈ মৃত্যু এগৰাকী আৰক্ষী বিষয়াৰ ৷গহপুৰৰ গোপালপুৰত সংঘটিত হৈছে এই...
House Lifting with Jacks : अख्खं घरच या माणसानं उचलून दुसरीकडे नेलं... | House Lifting Technique
House Lifting with Jacks : अख्खं घरच या माणसानं उचलून दुसरीकडे नेलं... | House Lifting Technique