বুধবাৰে বিয়লি নাৰায়ণপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে নাৰায়ণপুৰ পৌৰসভাই ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে দেশৰ আজাদী কা অমৃত মহোৎসৱ আৰু স্বাধীনতা দিৱস উদ্যাপন সম্পৰ্কে তিনিদিনীয়া কাৰ্যসুচী প্ৰকাশ কৰে ৷ আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে এইবাৰ নাৰায়ণপুৰ নগৰৰ এক নম্বৰ ৱাৰ্ডত অৱস্থিত ঐতিহাসিক খোলচোৱা পুখুৰীত অমৃত সৰোবৰ মেলা নামেৰে তিনিদিনীয়া কাৰ্যসুচীৰে স্বাধীনতা দিৱস উদ্যাপন কৰা হ’ব ৷ সেইউপলক্ষ্যে তেৰ আগষ্টত পুৱা ৯ বজাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া জিন্টু শৰ্মাই জাতীয় পতাকা উত্তোলন কৰি অমৃত সৰোবৰ মেলা উদ্ধোধন কৰিব ৷ ইয়াৰ পাছতে পৌৰসভাৰ অন্তৰ্গত বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক লৈ শ্বহীদ কনকলতা বৰুৱা জন্মস্থানলৈ বুলি শিক্ষামুলক ভ্ৰমন আৰম্ভ হ’ব ৷ দিনটোত বৃক্ষৰোপন , চিত্ৰাংকন আৰু ৰচনা , বাটৰ নাট , ফেঞ্চি ড্ৰেচ প্ৰতিযোগিতা আৰু নাৰায়ণপুৰ কাব্য কাননৰ উদ্যোগত কবি সন্মিলন অনুষ্ঠিত হ’ব ৷ ১৪ আগষ্টত ঐতিহাসিক ফুলনি থানৰ পৰা জল আহৰণ কৰি অমৃত সৰোবৰত শুদ্ধিকৰণ কৰাৰ অন্তত ৯ বজাত জাতীয় পতাকা উত্তোলন কৰিব পৌৰপতি হৰিশ চন্দকে ৷ দুটাকৈ বিষয়ত আলোচনা সত্ৰ অনুষ্ঠিত হোৱাৰ লগতে দিনটোত দেশপ্ৰেমমূলক গীত আৰু নৃত্য প্ৰতিযোগিতা , খোলচোৱা পুখুৰীৰ ইতিহাসৰ পত্ৰিকা উদ্ধোধন আৰু ৰাতিলৈ সাংস্কৃতিক অনুস্থান ৰুপায়ন কৰা হ’ব ৷ ১৫ আগষ্টত খোলচোৱা পুখুৰীত ৬০ ফুট উচ্চতাত জাতীয় পতাকা উত্তোলন কৰিব বিধায়ক অমিয় কুমাৰ ভূঞাই ৷ তাৰোপৰি ৭৪ খন জাতীয় পতাকা উত্তোলন কৰিব বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ৷ দিনটোত সমবেত সংগীত চিলা উৰুৱা প্ৰতিযোগিতাৰ লগতে পুৰস্কাৰ বিতৰণৰ শেষত বিয়লি ৪:৩০ বজাত ৭৫ খন পতাকা অৱনমনৰ অন্তত সামৰণি পৰিব তিনিদিনীয়া কাৰ্যসুচীৰ ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अयाना थाना पुलिस की कार्रवाई: ट्रेक्टर ट्रॉली व मोटरसाइकिल चोरी की वारदात का पर्दाफाश, आरोपी गिरफ्तार
कोटा।
कोटा ग्रामीण अयाना थाना पुलिस ने ट्रेक्टर ट्रॉली व मोटर साइकिल चोरी की वारदात का पर्दाफाश...
આંતરરાજ્ય ટોપ સિનિયર અધિકારીઓ દ્વારા બોર્ડર મીટીંગ નું આયોજન
ગઈકાલ તા.૧૧/૧૧/૨૦૨૨ના રોજ ઇન્દોર ખાતે આગામી વિધાનસભા સામાન્ય ચૂંટણી -૨૦૨૨ અન્વયે મધ્યપ્રદેશ તથા...
સ્ટેક વાઈઝ ટેકનોલોજીના ડાયરેક્ટર ચૌધરી અને તેની પત્નીની ATS કરી ઘરપકડ.
જુનિયર ક્લાર્કની પરીક્ષાનુ પેપર ફોડનાર...સ્ટેક વાઇઝ ટેક્નોલોજીના ડાયરેકટર ભાસ્કર ચૌધરી અને તેની...