সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৰহা শাখাৰ উদ্যোগত আজি কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।

     ৰহা পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ ত আজি দিনৰ ১২.৩০বজাত ৰহা পৌৰ সভাৰ বিভিন্ন বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী ৰ মাজত ৰহা শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত ক আৰু খ দুটা শাখাত অনুষ্ঠিত হোবা কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা ৰ শাখাৰ কাৰ্য্যকৰী সভাপতি যতীন্দ্ৰ কুমাৰ পাৰৈ ৰ দ্বাৰা উদ্বোধন কৰাৰ পাছত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষা বিজয়া গগৈ আৰু জোঙালবলহু শ্বহীদ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন প্ৰধান শিক্ষয়ত্ৰী ইলী ভূঞা ৰ পৰিচালনাত অনুষ্ঠিত হোবা প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।

     প্ৰতিযোগিতাৰ অন্তত ক আৰু খ শাখাত অনুষ্ঠিত হোবা কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা ৰ বিজয়ী প্ৰতিযোগি সকলক এখনকৈ মানপত্ৰ,গ্ৰন্থ আৰু কলম প্ৰদান কৰি পুৰস্কৃত কৰা হয়।

    প্ৰতিযোগিতাত ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভানেত্ৰী তথা সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভুঞা, সম্পাদক বিনোৱা ৰাজবংশী, প্ৰাক্তন জ্যেষ্ঠ বিজ্ঞানী ড° দিনেশ হাজৰিকা, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধক্ষ্য মনিৰাম নাথ,প্ৰাক্তন শিক্ষয়ত্ৰী ইৰু তামুলী, জ্যেষ্ঠ নাগৰিক মাধব চন্দ্ৰ নাথ সহ শাখাৰ সদস্য সদস্যা সহ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।