দেশৰ ৭৫ সংখ্যক বৰ্ষপুতি উপলক্ষে চিলাপথাৰ কেন্দুগুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সমদল কাৰ্যসূচী

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ সংখ্যক বৰ্ষপুতি উপলক্ষে 'আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি 'ঘৰে ঘৰে জাতীয় পতাকা' উপলক্ষে বহল প্ৰচাৰৰ উদ্দেশ্যেলৈ আজি চিলাপথাৰ কেন্দুগুৰী প্ৰাৰ্থমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক শিক্ষক শিক্ষয়িত্ৰী ৰ সকলৰ সহযোগত বাহিৰ কৰা হয় এক পদযাত্ৰা কাৰ্যসূচী । কেন্দুগুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰায় ৫০০ মিটাৰ পদ যাত্রা বাহিৰ কৰা এই বিশাল ৰেলীত ডেৰ শতাধিক ছাত্র ছাত্রী অভিভাৱক শিক্ষক- শিক্ষত্ৰীয়ে অংশ গ্ৰহণ কৰা দেখা যায়।