মৰাণত বসুন্ধৰা আঁচনি ৰূপায়নত দালালৰ লুন্ঠন । দালাল আৰু ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰীয়ে বসুন্ধৰা আঁচনিৰ কাম-কাজ কৰাৰ বাবদ অত্যাধিক ধন সংগ্ৰহ কৰাৰ অভিযোগ ।

মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত বসুন্ধৰা আঁচনিৰ অধীনত মাটি-বাৰীৰ নামজাৰি অথৱা অন্যান্য কাম-কাজ কৰাৰ বাবদ ১ হাজাৰ টকাৰ পৰা ৫ হাজাৰ টকালৈকে সংগ্ৰহ কৰিছিল বামুণবাৰী গাঁও পঞ্চায়তৰ একাংশ সহজ-সৰল লোকৰ পৰা । দীপক চাহু নামৰ এজন আটছা নেতাজনে মাচুল জমা দিয়াৰ নামত ধন আদায় কৰিছিল । কিছুদিন পিছতে ভূক্তভোগী সকলে তেঁওলোকৰ পৰা অত্যধিক লোৱা বুলি জানিব পাৰি মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত হৈ জমা দিয়া অত্যধিক ধন ঘূৰাই বিচাৰে । অৱশেষত, একাংশ লোকক সংগ্ৰহ কৰা ধন ঘূৰাই দিবলৈ বাধ্য হয় দীপক চাহুৱে । আনহাতে, একাংশ ভূক্তভোগীয়ে এতিয়াও জমাদিয়া অত্যধিক ধন ঘূৰাই পাবলৈ সক্ষম হোৱা নাই । মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দালালৰাজৰ কথা পোহৰলৈ অহাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

দালালৰ বিৰূদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ দালালৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া নিশ্চয় লক্ষণীয় হব