জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত আজি জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱৰ সভাপতিত্বত অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া উপ-ৰাষ্ট্ৰীয় পালচ্পলিঅ’ অভিযানৰ জিলা কৰ্মবাহিনী(DTF) গোটৰ প্ৰথম পৰ্যায়ৰ আৰু যক্ষ্মাৰোগৰ প্ৰাপ্তবয়স্কৰ প্ৰতিষেধকৰ কৰ্মবাহিনী গোট(DTF) গঠন হয় ৷ জিলা আয়ুক্তগৰাকীয়ে আগন্তুক উপ-ৰাষ্ট্ৰীয় পালচ্পলিঅ’ অভিযানটি সফল ৰূপায়ণৰ বাবে শিৱসাগৰবাসী ৰাইজৰ সহায় বিচাৰিছে যাতে এগৰাকী হিতাধিকাৰীও প্ৰতিষেধকৰ পৰা বাদ নপৰে ৷ লগতে স্বাস্থ্যকৰ্মী অৰ্থাৎ (Service Provider) সকলক জিলা আয়ুক্ত যাদৱে শুভকামনা জ্ঞাপন কৰে ৷ উক্ত জৰুৰী সভাত স্বাস্থ্য বিভাগৰ অতিৰিক্ত উপায়ুক্ত গীতালী দুৱৰা, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ভূপেন্দ্ৰ কুমাৰ দাস, অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ মাখন কলিতা, ডাঃ উদয়াদিত্য ৰাজকোঁৱৰ, CM&HOডাঃ চন্দ্ৰলেখা শইকীয়া, ADDL CM&HOডাঃ দ্বীজেন কোঁচ প্ৰমুখ্যে জিলা স্বাস্থ্য বিভাগৰ অন্তৰ্গত বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল বুলি জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিছে ৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોરા વાડી વિસ્તારમાં જુગાર રમી રહેલા 9 શખ્સો ઝડપાયા
મોરા વાડી વિસ્તારમાં જુગાર રમી રહેલા 9 શખ્સો ઝડપાયા
ডবকাত বন্যহস্তিৰ আক্ৰমনত মৃত্যু এগৰাকী আদিবাসী সম্প্ৰদায়ৰ মহিলা ৷ যমুনামুখৰ চাংজুৰাই গাৱতো বন্যহস্তিৰ তাণ্ডৱ
ডবকাত বন্যহস্তিৰ আক্ৰমনত এগৰাকী আদিবাসী সম্প্ৰদায়ৰ মহিলাৰ মৃত্যু ৷
ডবকাৰ টঙীয়া গাৱত সংগঠিত...
લોક વિજ્ઞાન કેન્દ્ર દ્વારા સદભાવના મિશન ક્લાસ બહારપુરા ગોધરા ખાતે ચંદ્રયાનની સફળતાને અનુલક્ષીને ચિત્રકામ અને રંગપૂરણી સ્પર્ધા યોજાઈ.
૨૩/૦૮/૨૦૨૩ બુધવારના રોજ સાજે ૬:૦૪ વાગે ભારતનું નામ અંતરીક્ષ સંશોધનના ઈતિહાસમાં...
তৰংঙ্গিনী নাট্য গোষ্ঠীৰ ভাওনা আখৰাত ব্যস্ত
গুৰুজনা জন্মজয়ন্তী উপলক্ষে ভাওঁনা ৰ আখৰাত ব্যস্ত হৈ পৰিছে বৰদলনি মহিলা শিল্পী সকল*।
পুৰুষৰ...