ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ অভয়পুৰত থকা মাটিক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু অসম গেচকোম্পেনী লিমিটেডৰ মাজত সংঘাট সৃষ্টি হয় ।ঘটনা সম্পৰ্কে অৱগত হৈ ঘটনা স্থলীত উপস্থিত হয় মৰাণ ৰাজহ চক্ৰ বিষয়া ড° সঙ্গীতা শৰ্মা। উল্লেখনীয় যে উক্ত স্থানৰ আঢ়ৈ বিঘা মাটি ১৯৮০ চনৰ পৰা ফটিকাচোৱা নেপালী গাঁও,অভয়পুৰীয়াবঙালী গাঁও উন্নয়ন সমিতি ও যুৱ সঙ্ঘই সামাজিক কামৰ বাবে ব্যৱহাৰ কৰি আহিছে।স্থানীয় ৰাইজে তাত বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰি আহিছে।আজি হঠাৎ অসম গেচ কোম্পানীয়ে মাটিডোখৰ দখল কৰিবলৈ উপস্থিত হয়। ইয়াৰ।ফলস্বৰূপে দুয়োপক্ষৰ মাজত সংঘাট সৃষ্টি হয়। ঘটনাস্থলীত মৰাণ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে দুয়োপক্ষক কাৰ্য্যালয়ত উপস্থিত হৈ সু-মীমাংসা কৰাৰ আশ্বাস প্ৰদান কৰে।
মৰাণ অভয়পুৰত আঢ়ৈবিঘা মাটিক কেন্দ্ৰ কৰিৰাইজ আৰু গেচ কোম্পেনীৰ মাজত।সংঘাট।উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত উপস্থিত ৰাজহ চক্ৰ বিষয়া.
