ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুনবাৰী গাঁওপঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ শতাধিক লোক বঞ্চিত চৰকাৰী যি কোনো আঁচনিৰ পৰা। সব কা সাথ সব কা বিকাশ শ্লগানেৰে শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰ খনৰ আচলতে সঁচাকৈ বিকাশ হৈছেনে? ইয়াৰ এক প্ৰকৃত ছবি দাঙি ধৰিছে বামুনবাৰী গাওঁপঞ্চায়তৰ ন নং ৱাৰ্ডত। য'ত শতাধিক পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধা, বিকলাংগ লোক আজিও বঞ্চিত অৰুণোদয়, বৃদ্ধ পেঞ্চন, আৱাসগৃহ, বিধৱা পেঞ্চন, অনাময় আচনিৰ পৰা। পঞ্চায়তত আবেদন কৰিও আজিলৈকে কোনো আঁচনিয়ে ঢুকি নাপালে এই সকল দৰিদ্ৰ চাহ শ্ৰমিক সকলক। যাৰ বাবে এতিয়া সংবাদ মাধ্যমৰ আগত মুখ খুলিবলৈ বাধ্য হৈ পৰিছে। লগতে ৰাইজে পঞ্চায়ত সভানেত্ৰী মামণি উজিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে আচনিত অন্তৰ্ভুক্ত কৰিবলৈ কলেই গালি গালাজ পাৰি খদি পঠোৱাৰ। এতিয়া প্ৰশ্ন হয় যদিহে সঁচাকৈ এই সকল লোক যি কোনো আচনিৰ পৰা বঞ্চিত তেন্তে এই আচঁনি সমূহত কাক অন্তৰ্ভূক্ত কৰা হৈছে। ই কিন্তু এক ৰহস্য। এই ক্ষেত্ৰত খোৱাং উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ ভূমিকাও কিন্তু ৰহস্যৰ আৱৰ্তত।