ৰহা ৰজাগাঁওত শুক্ৰবাৰে এদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ ৰ উদজাপন কৰি সমস্ত ক্ষেত্ৰ শ্ৰীকৃষ্ণ বন্দনাৰে ভক্তিময় কৰি তুলে।
ৰহা ৰজাগাঁও শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদজাপন সমিতিৰ উদ্যোগত শুক্ৰবাৰে উদজাপন কৰা ৰাস মহোৎসৱ ৰ শুভাৰম্ভ পূবা শ্ৰীমদ্ভাগৱত স্থাপন আৰু শ্ৰীমদ্ভাগৱত ভ্ৰমন শুভাযাত্ৰাৰে শুভাৰম্ভ কৰাৰ লগতে সন্ধ্যা উদজাপন সমিতিৰ সভাপতি পোনাৰাম নাথ দ্বাৰা বন্তি প্ৰজ্বলন আৰু ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ গুনহাস বৰাৰ দ্বাৰা শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ উদ্বোধন কৰাৰ পাছত সাংস্কৃতিক সম্পাদক ৰুবুল কুমাৰ দাসে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত যুব ব্যবসায়ী,সমাজসেৱী উৎপল বনিয়া সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে উৎপল বনিয়াই সম্বোধন কৰি শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ ৰ বিষয়ে বিতংগ ভাবে বৰ্ননা কৰে।
তাৰ পাছত স্থানীয় যুবক যুৱতী আৰু মহিলা সকলৰ দ্বাৰা বসুদেবৰ দ্বাৰা শ্ৰীকৃষ্ণ ক কংসৰ কাৰাগাৰৰ পৰা নন্দৰ ঘৰত লৈ যোবা, শ্ৰীকৃষ্ণ বাল্য লীলা,কালীয় দমন,বকাসুৰ বধ সহ বিভিন্ন লীলা পৰিবেশন কৰাৰ লগতে গোপী সকলৰ লগত শ্ৰীকৃষ্ণ ৰ মহা ৰাস লীলা কৰি সমস্ত ক্ষেত্ৰ শ্ৰীকৃষ্ণ বন্দনাৰে ভক্তিময় কৰি তুলে আৰু ৰহাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক দৰ্শকক আপ্লুত কৰি তুলে।