বৰহাটত জিলা বন বিষয়াই টিপি চালান বিহীন অবৈধ শিল ভৰ্তি ড্ৰাপাৰ গাড়ী জব্দ

বৰহাট আঞ্চলিক বন কাৰ্যালয় অন্তৰ্গত পানবাৰী খণ্ড বন কাৰ্যালয়ৰ গেটৰ সন্মুখত শিৱসাগৰ জিলা বন বিষয়াই এ এচ 06 BC 6833 এখন শিল ভৰ্তি ড্ৰাম্পাৰ জব্দ কৰা ঘটনাই বৰহাট আঞ্চলিক বন কাৰ্যালয় ফুফুলা 

স্বৰূপটো উদঙাই দিলে।

চৰাইদেউ জিলাৰ অন্তৰ্গত বৰহাট আঞ্চলিক বন বিষয়াৰ ছত্ৰছায়াত চলিছে টিপি বিহীন অবৈধ শিল গাড়ী।কাৰ্যালয়তোৰ একাংশ দুৰ্নীতি পৰায়ন বিষয়াই গোপন বুজাবুজিৰ মাজেৰে শিল ব্যৱসায়ী লগত জড়িত হৈ জব্দ কৰা অবৈধ টিপি বিহীন বালি গাড়ী এৰি দিয়াৰ তথ্য পোহৰলৈ আহিছে। বৰ্তমান পান বাৰীত একাংশ শিল ব্যৱসায়ীয়ে টিপি কাটি বৈধ ভাবে ব্যৱসায় কৰিছে যদিও অধিকাংশ ব্যৱসায়ীয়ে টিপি , চালান বিহীন ভাবে শিল ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে।