বিগত বৰ্ষত আলফাত যোগদান কৰা মৰাণৰ বেজপথাৰ গাঁৱৰ বীৰেন চেতিয়া (৩২) ক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ পৰেশ বৰুৱাক কাতৰ আহ্বান বীৰেন চেতিয়াৰ পৰিয়ালৰ । ঘৰৰ পৰা ওলাই যোৱাৰে পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ ৰখা নাই যুৱকজনে । ইফালে পুত্ৰৰ কথা ভাৱি বৃদ্ধা শোকত ম্ৰিয়মান হৈ পৰিছে । আজি যুৱকজনৰ খৱৰ বিচাৰি মৰাণ আৰক্ষী থানাত উপস্থিত হয় পৰিয়ালৰ লোক । যুৱকজনক বিচাৰি এতিয়া পৰিয়ালৰ লোকসকল এতিয়া উপায়হীন হৈ পৰিছে ।
সেয়েহে, আলফা (স্বাঃ) ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক কাতৰ আহ্বান জনাইছে যুৱকজনক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ ।
প্ৰয়াত লক্ষী চতিয়াৰ পুত্ৰ বীৰেন চেতিয়াই বিগত বৰ্ষত ঘৰৰ পৰা হঠাৎ ওলাই গৈছিল । ইয়াৰ পিছতে আলফাত যোগদান কৰা বুলি আৰক্ষীৰ পৰা অৱগত হয় ।